বুকু হম্ হম্ কৰে
বুকু হম্ হম্ কৰে - মোৰ আই
কোনে নিদ্ৰা হৰে - মোৰ আই
পুত্ৰ হৈ মই কিমতে তৰোঁ?
আই, তোৰে হৈ মই মৰোঁ
দেশৰে চন্দ্ৰমা
কাল এন্ধাৰে আৱৰে
অগনিকালিকা
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰ চৰে।
বুকু হম্ হম্ কৰে - মোৰ আই
বড্ৰ সম দৃঢ় আই
চৌপাশৰে গড়
চৌপাশৰে গড় ভেদিম
কিঞ্চিতো নাই পৰ।
যাচিম সান্তনা
আই মুক্তি-প্ৰভাতেৰে
থাপিম থাপনা।
আই শোণিত তিয়াগেৰে।
Type Susmita Kakati
Post Id: DABP002651