মই যেন আজীৱন
কথা ঃ মই যেন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ।
গীত ঃ মই য়েন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ।
জিৰণীয়া মৌ দেখি
ভাবোঁ একোদিন
মই কিয় ঠিকনাবিহীন।
ঠিকনাবিহীন।
কত ৰস চুহিলোঁ অভিজাত কুসুমৰ
বনফুলে যাচিলে ভঁৰাল ৰসৰ
তিতা ৰসো গোটালোঁ মিঠা বুলি
তোমাৰ ৰূপৰ ৰস তুলনাবিহীন।
তুলনাবিহীন।
মই বাৰু উৰণীয়া মৌৱেই হ'লো
মোৰ জানো জিৰাবৰ নাই অধিকাৰ?
জিৰণি লওঁ যদি তোমাৰ তৃণত
নেজানো ক্ষতি কি হয় কাৰোবাৰ।
এদিন কৈছিলোঁ মোৰ হ'বা শেষ ঠিকনা
সঁচা নকৰিলা সেই কল্পনা
সঞ্চিত মৌ ধৰাত ছটিয়াই
উৰি উৰি হৈ যাম জ্যোতিতে বিলীন।
জ্যোতিতে বিলীন।।
Type Susmita Kakati
Post Id: DABP002633