অসম আমাৰ ৰূপহী
অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
অসমী আই ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
গোটেই জীৱন বিচাৰিলেও, অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি।
অ ' চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাধত সোণৰ হাতেৰে লখিমী আদৰে।
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ' ভাৰতৰে পূৰ্ব দিশৰ ৰ্সূয উঠা দেশ।
পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰ মিলন সেঁতু গঢ়ে।
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ল'লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ
অ' জন্ম ল'লো ইয়াতেই, ইয়াতে যেন মৰোঁ।
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
Type - Susmita Kakati