তপ্ত তীখাৰে, অগ্নি শক্তি


তপ্ত তীখাৰে

আগ্নি শক্তি

ৰক্তবৰণে জ্বলে - এ' জ্বলিলে

মক্তিপিয়াসী সুপ্ত মানুহৰ

বক্ষ তীখা হৈ গলে - এ' গলিলে।

জলতাতন্ত্ৰৰ সাজি ল'লোঁ অস্ত্ৰ

স্বতন্ত্ৰতাকে আনিম বুলি

শোষণজৰ্জ্জপ সহস্ৰ মানুহৰ

আৰ্ত্তনাদ আৰু নুশুনো বুলি।

আমাৰে দেশত ফল্পুসদূশ

গুপ্ত সংগ্ৰাম চলে - এ' চলিলে।

                                                      

 হে' - হেইয়া কি ৰাম ৰাম,

ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম

- হে'  এ' হেইয়া কি ৰাম ৰাম

জীৱন - লুইতলৈ আহাঁ কি ৰাম ৰাম।

হে' - হেইয়া কি ৰাম ৰাম

ক্ষুদ্ৰ স্বাৰ্থ এৰি আহাঁ কি ৰাম ৰাম

হে' - হেইয়া কি ৰাম ৰাম

ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা

যাত্ৰীৰ অন্ত হয় হে' হয় হে' 

ডাঁৰ মাৰিবলৈ আহাঁ কি ৰাম ৰাম

হে' - হেইয়া কি ৰাম ৰাম

জীৱন - লুইতলৈ আহাঁ কি ৰাম ৰাম।

হে' - হেইয়া কি ৰাম ৰাম

দেশৰ হকে মৰিবলৈ আহাঁ কি ৰাম ৰাম

হে' - হেইয়া কি ৰাম ৰাম

দেশৰেই প্ৰজা অনায় যুঁজা

সত্যৰ আজি হ'ব জয় হে' জয়।

 হে' - হেইয়া কি ৰাম ৰাম।

Type Susmita Kakati

                                                             

    Post Id: DABP003019