মানুহে মানুহৰ বাবে

মানুহে মানুহৰ বাবে

যদিহে অকণো নেভাবে

অকণি সহানুভূতিৰে

ভাবিব কোনেনো কোৱাঁ - সমনীয়া?

মানুহে মানুহক কিনিব খুজি

মানুহে মানুহক বেচিব খুজি

ৰণি ইতিহাস দোহাৰিলে

ভূল জানো নহটব কোৱাঁ - সমনীয়া?

                                                                             

 দূৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদী

পাৰ হয় তোমাৰে সাহত

 তুমি হেৰুৱাবানো কি?

মানুহে যদিহে নহয় মানুহ

দানৱ কাহানিও নহয় মানুহ

যদি দানৱ কাহানিও হয় মানুহ

লাজ পাব কোনেনো কোৱাঁ - সমনীয়া?

Type Susmita Kakati


Post Id: DABP003016