আহ্ আহ্ ওলাই আহ্



আহ্ আহ্ ওলাই আহ্

সজাগ জনতা,

আহ্ আহ্ ওলাই আহ্

পোহৰ আনোতা;

ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে

যায় যদি যায় জীৱনটো যাক।

সমুখৰে সেনাপতি থমকি জিৰালে

কিনো হ'ব সেনানীয়ে ভাবিলে ঘুণিলে

ক'লা কাকতী-ফৰিং নাশোঁগৈ আহ্।

আহ্ আহ্ ওলাই আহ্

সজাগ জনতা..............।।


শুন্ বুভুক্ষ শিশুৰে আৰ্ত্তনাদ

(সেয়ে) তিল তিল মৃত্যুৰ আনে সংবাদ,

সেই সংবাদ শুনিও বধিৰ কিয়?

তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?

সংগ্ৰাম আন এটি নাম জীৱনৰে

ইতিহাসে চিঞৰেঃ 'জয় জনতাৰে

ত্ৰাস এৰি দানৱকে বধোঁগৈ আহ্!! 

আহ্ আহ্ ওলাই আহ্

সজাগ জনতা..............।



Type Susmita Kakati



Post Id: DABP002634