কি যে তোমাৰ সঙ্গ প্ৰিয়া
কি যে তোমাৰ সঙ্গ প্ৰিয়া
মিঠা তোমাৰ সঙ্গ।।
তোমাৰ অঙ্গ জ্বলন্ত জুই।।
মই যে পতঙ্গ।
কি যে তোমাৰ সঙ্গ প্ৰিয়া
মিঠা তোমাৰ সঙ্গ।
জীৱনৰ ৰস যিমান
তৃষ্ণাও বাঢ়ে সিমান
তোমাৰ অঙ্গ জ্বলন্ত জুই।।
মই যে পতঙ্গ।
এই নিশা নেলাগে সোণ
কথাৰ প্ৰসঙ্গ।
তোমাৰ অঙ্গ জ্বলন্ত জুই
মই যে পতঙ্গ
কি যে তোমাৰ সঙ্গ প্ৰিয়া
মিঠা তোমাৰ সঙ্গ।
মনে মনে অহা যোৱা
তাৰে নাম ভালপোৱা
আকাশে বজালে শুনা
মিঠা জলতৰঙ্গ।।
সমাজৰ নীতি-নিয়ম
ভঙাটোও নতুন নিয়ম
আজি নিশা নেযাবা সোণ
কৰি মোক নিঃসঙ্গ
তোমাৰ অঙ্গ জ্বলন্ত জুই
মই যে পতঙ্গ।।
কি যে তোমাৰ সঙ্গ প্ৰিয়া
মিঠা তোমাৰ সঙ্গ।।
Type Susmita Kakati
Post Id: DABP002646