আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান

                                                 
কথাঃ মহামিলনৰ তীৰ্থ
এই ব্ৰহ্মপুত্ৰ
আজি বহ্নিমান কিয়?
গীতঃ  আজি বহ্মপুত্ৰ হ'ল বহ্নিমান।
মনৰ দিগন্তত ধোঁৱা উৰে
আকাশত পপীয়া তৰা ঘূৰে
পদে পদে কৰে কাক অপমান?
 আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান।
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্ৰোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান।
                             
 সমদলৰ পদধ্বনি 
আবাল-বৃদ্ধ-বনিতাৰ
স্ব-নিৰাপত্তা লক্ষ্য
আৰু আনকো জীয়াই ৰখাৰ
সমস্ৰ জনৰ সাহস দেখি
পৃথিৱী কম্পমান।
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান।
সৌৱা বঞ্জনিনাদৰ প্ৰতিধ্বনি
 ভৈয়ামে-পৰ্বতে বাজে
সংগ্ৰাম সুস্থ প্ৰকাশ 
বলিষ্ঠ সংযম মাজে;
প্ৰচণ্ড অৱহেলা এিবাপ নাশিবই
জীৱনকো কৰি বলিদান।
 আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান।

Type Susmita Kakati
                                                                          
 
Post Id: DABP003012