কত জোৱানৰ মৃত্যু হ'ল
কত জোৱানৰ মৃত্যু হ'ল
কাৰ জীৱন যৌৱন গ'ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ'লো মই কিয়?
হেনো হিমালয় ভাৰতৰ গ্ৰহৰী
তাহানি শুনিছিলোঁ কাহিনী
পিচে মৃত জোৱানসৱে ;চিঞৰিছে-
লাগে চিৰজাগ্ৰত এটি বাহিনী।''
আজি কমেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ,
আৰু মৃত মৌন শত জোৱানলে'
মোৰ অশ্ৰু - অঞ্জলি যাচিলোঁ।।
কত পিতৃ পুত্ৰহাৰা হ'ল
কোন মাতৃৰ বুকু শুদা হ'ল
ৰঙা সেন্দুৰ কাৰ মচা গ'ল
কাৰ বাসনা অপূৰ্ণ ৰ'ল।।
প্ৰতি জোৱান - ৰক্তৰে বিন্দু
হ'ল সাহসৰ অনন্ত সিন্ধ
সেই সাহসৰ দুৰ্জ্জয় লহৰে
যাচিলো প্ৰতিজ্ঞা জয়ৰে।।
আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ
আৰু মৃত মৌত শত জোৱানলে'
মোৰ অশ্ৰু - অঞ্জলি যাচিলোঁ।।
Type Susmita kakati
Post Id: DABP002649