এ' ৰাধাচূডা়ৰ ফুল গুঁজি
এ' ৰাধাচূড়াৰ ফুল গুঁজি
ৰাধাপুৰৰ ৰাধিকা
চাহ-বাগিচাত ঢুমুৰ নাচি
জুগ্নুক যাচে ফটিকা।
সেই ফটিকা প্ৰেম ফটিকা
(তাত) ভেজাল-তেজাল একো নাই।
(ই) কৃষ্ণচূড়া ফুলৰ দৰে সঁচা ৰং ছটিয়ায়
জুগনু বোলা শিৰীষ গছত
ৰাধা যেন লতিকা।
চাহ-বাগিচাত ঢমুৰ নাচি
জুগনুক যাচে ফটিকা।
সোনাৰুৱা হালধীয়া থোপাথুপি ফুল
আইন দেখি খোপা বান্ধি ৰাধা বিয়াকুল।
জুগনুৰ দেহা কুন্দাত কটা
অ' মাদল কাঠৰ ৰং
তাকে দেখি ৰাধাই হাঁহে
কত যে তাইৰ ঢং
জুগনুবিহীন সময়খিনি
ৰাধাৰ যেন শতিকা
চাহ-বাগিচাত ঝুমুৰ নাচি
জুগনুক যাচে ফটিকা।
Type - Susmita kakati
Post Id: DABP002918