প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক


প্ৰচণ্ড ধুমাহাই প্ৰশ্ন কৰিলে মোক-

তোমাৰ প্ৰাপ্য কি কোৱাঁ?

মানৱ দুবাৰ মেলি নিৰ্ভীকভাৱে ক'লো-

তোমাৰ শক্তিখিনি দিয়া।

বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে-

 তোমাৰ কাম্য কি কোৱাঁ?

মই ক'লো বজ্ৰক, তোমাৰ শক্তিশালী

উদাত্ত কণ্ঠদি দিয়া।

এদিন আকাশে ক'লে ঃ 'জনক গীতিকাৰে

অকণি আকাশ দেখোঁ মাগে।'

তুমি কি আজি বাৰু

কম্পিত কণ্ঠেৰে

মাগিছা সৰ্বাকাশ সত্তা?'

মই ক'লো, 'তুমিয়েতো কৈছিলা ৰাতিপুৱা

যিমানে বিলাই দিবা, সিমানে মহান হ'বা,

তাৰে নাম সঁচা  উদাৰতা।

সেয়েহে আকাশ তুমি

দিব যদি খুজিছাই

সংকীৰ্ণতা এৰি 

দিয়া অৱদান ৰূপে

তোমাৰ পূৰ্ণ বিশালতা,

দিয়া যদি আজিয়েই দিয়া।'

মহাকাশে দিলে মোক উদাত্ত কণ্ঠ

আৰু ধুমুহাই প্ৰচণ্ড শক্তি

বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ

আৰু দিলে সাহসৰ যুক্তি।

বজ্ৰই কণ্ঠৰে, ধুমুহাৰ শক্তিৰে

গীত গাই কঁপাম দিগন্ত।

দানৱৰ সমাজতো গাম মানৱৰে গীত

কলিজাৰ সঁচা সূৰ-সিক্ত।

মুমুৰ্ষ মানৱক জীলৱনৰ বিদ্যু

কিঞ্চিতো যদি দিব পাৰো

আকাশ

ধুমুহা

আৰু বজ্ৰক

তাৰ বাবে

শতবাৰ প্ৰণিপাত কৰো।

Type Susmita Kakati


Post Id: DABP003011