`তুমি নতুন পুৰুষ



তুমি নতুন  পুৰুষ, তুমি নতুন নাৰী

           অনাগত দিনৰ জাগ্ৰতা প্ৰহৰী!

কেঁচা জীৱন সোণতক সিঞ্চন কৰি

সজাবা সমাজ নিজ হাতেৰে গঢ়ি।

             এন্ধাৰ গলিত তুমি উচ্ছল বাৰি।।


              মৃত্যুঞ্জয়ী তুমি কৰিবা দমন

              শোষকৰ দংশন নোহা চিৰন্তন।

              সঙ্কল্প তোমাৰ হ'বই সফল

              দুৰ্ব্বাৰ সাহসৰে পথ উজ্জ্বল।।

তুমি নৱ সপোন, নৱ অঙ্গীকাৰ 

তুমি নৱ সংগ্ৰাম শত শত ঋঞ্ঝাৰ।

বিপদৰ প্ৰস্তৰ বিচূৰ্ণ কৰি

সজাবা নতুন পথ হাতেৰে গঢ়ি।

             বজাবা তুমি আশাৰ গগনা।

      নোপোৱাৰ হাহাকাৰ কৰি।।

Type Susmita kakati



Post Id: DABP002636