প্ৰথম নহয় দ্বিতীয় নহয়


প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি

জীৱন ৰে'লৰ  দবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

 তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।

                                                                         

 মাজে মাজে মাজে

এই ৰে'লে চিঞৰে;

নোপোৱাৰ বেদনা জুই হৈ উৰে

আমাৰ এই জুইৰেই অগ্ৰাগামী।

প্ৰথম নহয় দ্বিতীয় নহয়

তীয় শ্ৰেণীৰ যাত্ৰী আমি।।

                                                            

লগতে আছে বোজাৰ বৰ বৰ পেৰা

সেই পেৰা অতীতৰ চকুলোৰে ভৰা,

আমাৰেই চকুলো বাষ্প সজালোঁ

সেই বাষ্পৰেই আমি দ্ৰুতগামী।

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।

তৃতীয় শ্ৰেণীৰ শত সহযাত্ৰী

মিলি দেখিম পুৱাৰ কাল-ৰাত্ৰি

একেলগেহে পামগৈ লক্ষ্য আমি।

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয়া শ্ৰেণীৰ যাত্ৰী আমি।।

Type Susmita Kakati


Post Id: DABP003013