আকাশ বিচৰা নাই
আকাশ বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
আকাশী গঙ্গা বিচৰা নাই
মহা মহা সাগৰৰে
কতনা লহৰ লেখিলোঁট
মহা মহা নগৰীতে
কতনা বাট হেৰুৱালোঁ।।
মৰম-জ্যোতিৰ পম খেদি
বোলালোঁ গুপুতে অশ্ৰুধাৰ
নিষ্ঠাৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
হয়তো নিতৌ হেজাৰ জনৰ
হেজাৰ শৰাই পাওঁ
তথাপি কিয় বিশেষজনৰ
ৰম বিচাৰি যাওঁ।।
মহা মহা নাট ঘৰে ঘৰে
কণ্ঠ-শোণিত নিগৰালোঁ
মহা মহা শ্ৰোতা জনতাৰে
মুখত হাঁহি বিৰিঙালোঁ।।
ক্ষণিক মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ'
নিষ্ঠু জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
Type Susmita Kakati
Post Id: DABP002929