সহস্ৰজনে মোক প্ৰশ্ন কৰে
সহস্ৰজনে মোক প্ৰশ্ন কৰে
মোৰ প্ৰেয়সীৰ নাম
মালৱিকা নে লিপিকা নে মল্লিকা।
অৰ্থপূৰ্ণভাৱে ঈষৎ হাঁহিৰে কওঁ -
নহয় মালৱিকা, লিপিকা বা হৈমন্তী বা মল্লিকা।।
সহস্ৰজনে মোক প্ৰশ্ন কৰে -
সহস্ৰজনে মোক প্ৰশ্ন কৰে
আমাৰ চেনেহ, আমাৰ মৰম
কিয় ফগ্লু হ'ল?
বহিৰ্জতৰ আদেখা!
সমিধানত কওঁ -
বুকুতেই সাঁচে কিয়,
পৃথিৱীয়ে গৰ্ভতো
অব্যক্ত কত বহ্নিশিখা।।
বেদৰ মন্ত্ৰেৰে দম্পতী
যদিও নহ'লোঁ আমি কাহানিও
একেটি পাত্ৰতে জীৱন- মদিৰা
পান কৰোঁ আমি তথাপি।
সহস্ৰজনে মোক প্ৰশ্ন কৰে
মোৰ মৌন পৰত,
অনুপ্ৰেৰণাৰে জ্যোতি যাচে জানো
নাম তাইৰ জানো মধুচন্দ্ৰিকা?
সমিধানত কওঁ -
বুকুৰ ৰক্তেৰে, গুপুতে জীয়াই ৰখা
নামবিহীন তাই অনামিকা!
Type Susmita Kakati
Post Id: DABP002637