অটোৰিক্সা চলাওঁ


ভায়েক ঃ  অটোৰিক্সা চলাওঁ

আমি দুয়ো ভাই

গুৱাহাটী কৰি গুলজাৰ

ককায়েক ঃ  বি-ই ফেইল মই

সৰু ভাই এম এ পাছ

দুয়ো ঃ বেঙ্কত বহুতো ধাৰ।

ককায়েক ঃ ভাইটিৰ নামত আছে পামিৰ্ট

চলাওঁ ময়ো একোবাৰ।

দুয়ো ঃ শিক্ষিত বেকাৰৰ মই সৰু ভাব

কমপ্লেক্স নাই আমাৰ।

ককায়েক ঃ ভাইটিৰ এটি মাথোঁ দোষ আছে

জালুকবাৰী প্ৰিয় তাৰ

মোৰ পৰা কেতিয়াবা অটোখন কাঢ়ি কয়

দুয়ো ঃ প্ৰিয়া আজি হ'ব পেছেঞ্জাৰ!!!

ককায়েক ঃ মই সুধিলোঁ তোক বিয়া কৰিব জানো

নহ'লি যে তই প্ৰফেছাৰ।

সি উত্তৰ দিয়ে ঃ মোৰ প্ৰেয়সীয়ে বুজে দাদা

দুয়ো ঃ ডিগনিটি অব লেবাৰ!!!

ককায়েক ঃ কথা ঃ তহঁতৰ ছাবজেক্ট একে আছিল নেকি অ'

তোৰ আৰু প্ৰেয়সীৰ?

ভায়েক ঃ অৰ্থনৈতি দুয়োৰে ছাবডেক্ট

এইবাৰ প্ৰেয়সীৰ ফিফ্থ ইয়াৰ

যোৱাকালি মই এম এ পাছ কৰি লৈ 

লৈছিলোঁ পামিৰ্ট অটোৰিক্সাৰ।

ককায়েক ঃ ভাল কৰিলি ভাই ভালেই কৰিলি

ভাবী ভাইবোৱাৰীলৈ অশিস অপাৰ।

হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি তই

নহ'লি যে ভাগে চিৰবেকাৰ!!!

দুয়ো ঃ ব'লা বহু ৰাতি হ'ল

ভায়েক ঃ নাই কোনো পেছেঞ্জাৰ

ককায়েক ঃ সেমেকা বতৰটো দেখোঁ বৰ জাৰ

ভায়েক ঃ নাই কোনো পেছেঞ্জাৰ

ককায়েক ঃ ৰুগীয়া আয়ে চাগে

ৰখি আছে বাঢ়ি লৈ

দাইল-ভাত দুয়োৰে আমাৰ

দুয়ো ঃ নাই কোনো পেছেঞ্জাৰ

ককায়েক ঃ ব'লা বহু ৰাতি হ'ল

দুয়ো ঃ নাই কোনো পেছেঞ্জাৰ

ককায়েক ঃ ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী

লাচিত নগৰ আৰু উজান বজাৰ

ভৰলুমুখ আৰু নিজৰাৰ পাৰ।

লাচিত নগৰ আৰু ফাঁচি বজাৰ

দুয়ো পণ কৰিছোঁ দুয়ো ঘাম পেলাই

ওভতাম বেঙ্কৰ বাকীখিনি ধাৰ।।

Type - Susmita Kakati


Post Id: DABP002925