পলাশৰে ৰং
কথা ঃ ডেকা ঃ পলাশৰে ৰং
গীতঃ গাভৰুঃপলাশৰে ৰং
কোনেনো সানিলে?
এই মিঠা সেউজ বননিত।
ডেকাঃআৰু তোমাৰ কোমল চৱনিত।
কথাঃগাভৰুঃ জীৱনৰে ৰং
ডেকাঃজীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত।
গাভৰুঃআৰু তোমাৰ বুকুখনিত।
ডেকাঃযৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সোঁতোৰোঁ আহা।
গাভৰুঃমৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধো অহা।
দুয়োঃবান্ধ ভাগি গ'লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত।
ডেকাঃমনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত।
গাভৰুঃ নোকোৱা কথাষাৰি নোকোৱাকৈ থাকিলেও ধৰা কথা থাকিলে বহুত।
নীলা আকাশত আজি আঁউজি লৈ
হালিছে জালিছে পলাশৰে ফুল।
ডেকাঃফুলতো নহয় এয়া মৰমৰে জুই
নেমানি মৰমে কোনো জাতি-কুল।
দুয়ো ঃদানৱী বিভেদক মানৱী চেনেহ
কৰিব এদিন পৰাজিত।
ভৰুঃপলাশৰে ৰং
কোননো সানিলে?
এই মিঠা সেউজ বননিত।
ডেকাঃআৰু তোমাৰ কোমল চাৱনিত।
ভৰুঃজীৱনৰে ৰং
ডেকাঃপলাশে সানিলে
কোমল কোমল ঘাঁহনিক
গাভৰুঃ আৰু তোমাৰ বুকুখনিত
ডেকাঃআৰু তোমাৰ কোমল চাৱনিত।
Type - Susmita Kakati
Post Id: DABP002930