মেঘে গিৰ্ গিৰ্ কৰে
মেঘে গিৰ্ গিৰ্ কৰে
আ-হা হিৰ্ হিৰ্ মেঘে কৰে।।
বা লাগি আগলতি
কলাপাত লৰে
এজাক যেন বৰষুণ
আহোঁ আহোঁ কৰে।।
বহু দিনে ছন পৰা
মোৰ গাঁৱৰ মাটিডৰা
চহ কৰি সেউজ কৰিম
আনন্দে নধৰে।।
মেঘে গিৰ্ গিৰ্ কৰে
আ-হা হিৰ্ হিৰ্ মেঘে কৰে।।
ধান নিদিওঁ ঋণো নলওঁ
সুদ নিদিওঁ আৰু।।
মহাজনৰ নিঠুৰ বুধি
সহোঁ কেলেই বাৰু?
বহুতো যে ঘাম সৰালোঁ
তেজো বুকুৰ বহু দিলোঁ
কাচিখনত শান দিলোঁ
সাহস ভৰি পৰে।
মেঘে গিৰ্ গিৰ্ কৰে
আ-হা হিৰ্ হিৰ্ মেঘে কৰে।।
এজাক যেন বৰষুণ
আহোঁ আহোঁ কৰে।।
Type Susmita kakati
Post Id: DABP002648