জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
জিলিকাব লুইতৰে পাৰ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ।।
সমাজে সাবটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ।
জিলিকাব লুইতৰে পাৰ।।
নতুনৰ গতি খেদা
ডেকা-গাভৰু আমি
নিৰ্ভিক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাঁৰ।।
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
জিলিকাব লুইতৰে পাৰ।
Type Susmita Kakati
Post Id: DABP003015