জোনাকৰে ৰাতি

জোনাকৰে ৰাতি

অসমীয়া মাটি

জিলিকি জিলিকি পৰে

মলয়াৰ এছাটি 

দুহাতে সবাটি

ধুনীয়া মালতী সৰে।।

এইখন দেশ মোৰ

তেনেই আপোন

নিতে নিতে আনে

নতুন সপোন

আমাৰ গাঁৱৰে

সৰু জুৰিটিত

তৰাই ধেমালি কৰে।

আশাৰ চাকি জ্বলে

দুখীয়াৰে ঘৰে ঘৰে

তাকে দেখি এন্ধাৰবোৰ

আমাৰ গাঁও এৰে।

আমাৰ দেশৰ

বোঁৱতী সুঁতিক

বাধান দিব কোনে পাৰে?

আগলতি কলাপাত

লৰে-চৰে

মনৰে পখিটি মোৰ উৰে উৰে

কোন চিফুঙৰ সুৰে সুৰে।

অ' ............অ'..........অ'.............।

Type Susmita Kakati



Post Id: DABP003018