চিৰযুগমীয়া ঢৌ তুলি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায়।
জিলমিলীয়া ঢৌ তুলি ঢো তুলি
সময়-নদীত পট আঁকি আঁকি যায়।
আজি উৰে?
অ' অ' অ' মোৰ মন গীতিকাৰ
চোৱঁহি চোৱাঁহি
হৃদয় বিলাই কোন যায়!
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায়
অণু-পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে?
উজনি পানীতে, মৰমী সোঁততে
চিত্ৰলেখীয়া চিৰসেন্দুৰৰ
হাংসকাপেৰে বুৰঞ্জী লিখে
অ' অ' অ' মোৰ মন সুৰকাৰ
গোৱাঁহি গোৱাঁহি
সুৰৰ আজি সীমা নাই।।
Type Susmita kakati
Post Id: DABP002647