অসম   দেশৰ বাগিচাৰে



অসম দেশৰ বাগিচাৰে ছোৱালী

ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি;

হে' লছমী নহয় মোৰে নাম - চামেলী।।

অসম দেশৰ বাগিচাৰে ছোৱালী............


শিৰীষ তলে ধৰ্ বি পাহি

পাতা লম্বা পাবি ব'লি;

নাকে পিন্ধি নাকফুলি জোৱান ভুলালি

হে' চম্পা নহয় মোৰে নাম চামেলী।।

অসম দেশৰ বাগিচাৰে ছোৱালী............


বাৰ মাসেৰ বাৰ ফুল

ভাদৰ মাসেৰ কেয়াৰে;

কিবা দৰে ছাড়ে গেল

আভাগিনী পিয়াৰে।

অ' আভাগিনী পিয়াৰে।।

ছট' ছট' ছোকড়ী বৰ বৰ টুক্ৰী

নৰম সবুজ পাতা, তলে ডগ্ ডগ্

জোৱান বুঢ়াৰ আখি দেখ্

কৰে লক্ লক্;

ছট' ছট' বুকখানা কৰে ঢক্ ঢক্

কি ভাবিস ঐ হামাৰ চামেলী।


এ ' বাপ-দানা আছিললে কোনোবা মুলুকত;

পিচে আমি বিহু গাব জানো

এ ' হাঁহে হৈ চৰিমগৈ অ' মইনা

তোমাৰেনো পুখুৰীত

এ ' পাৰ হৈনো চৰিমগৈ চালত;

এ ' ঘামে হৈ সোমামগৈ অ ' মইনা

তোমাৰনো শৰীৰত:

মাখি হৈনো চুমা দিম গালত।


ভাদৰ মাসত ধম ধমা ধম্

কৰম পূজাত ধম্ ধমা ধম্

বাজাও আমি ধম্ ধমা ধম্

মাদাল চাওতালী।।

মগলু ঃ   এই মুখাপিন্ধা, তই কোন ছোৱালী ৰে

আৰে ' বীৰবলৰ বেটি তই হণ্টাৰৱালী

নে পিস্তলৱালী ! আৰে পাগলী

ছামেলিঃ   ওঁ-হু, পাগলী নহয় মোৰে নাম চামেলি

বীৰবলেৰ বেটী মোৰ নাম চামেলি

অসম দেশৰ বাগিচাৰে ছোৱালী

ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি

হে ' লছমী নহয় মোৰে নাম  চামেলি

বীৰবলেৰ বেটী মোৰ নাম চামেলি

অসম দেশত আমি ফৰোঁ উমলি


                          চৰ্দাৰ ব'লে কাম কাম

                         বাবু ব 'লে ধৰি আন

                         চাহেব ব 'লে লিব পিঠেৰ ছাম

                        অ ' বিদেশী শ্যাম

                        ফাঁকি দিয়ে আনিল আসাম।

Type - Susmita Kakati


Post Id: DABP002921