কঁহুৱা বন মোৰ অশান্ত মন



কঁহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱটি

এঠি ক্ষণ যেন মুকুটাকে ধন

এনেয়ে হেৰুৱালে নাহে উভতি।।

              নীলা আসাৰ একোটি তৰা

                        হঠাতে খহি সাবটে ধৰা

                        ঘিট্মিট্ এন্ধাৰৰ নিমাত ৰাতি।

              এটি এটি ক্ষণ যেন এটি এটি পণ

              এনেয়ে হেৰুৱালে নাহে উভতি।

পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলোঁ সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰখনিৰ

চঞ্চল কোলাহলে ভাঙে ঘূমটি

অ' বলিয়া মন কিয় উচাটন

কালিৰ সুৰুয়ে আনি দিব পুৱতি।।

Type Susmita kakati


Post Id: DABP002640