বিমূৰ্ত্ত মোৰ নিশাটি
বিমূৰ্ত্ত মোৰ নিশাটি যেন
মৌনতাৰ সুঁতাৰে বোৱা
এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।
এখনি নীলা চাদৰ।
কমলাৰে তেজৰঙা
আজি গভীৰ গৰ্ভতে
নীৰৱ মৰম-বাৰিষা
বহুতো শাওণ - ভাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।
এখনি নীলা চাদৰ।
সৰি পৰে প্ৰত্যশিত
অস্পুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সঙ্গমুখী
নিৰ্ম্মল দুটি ওঁঠ
কম্পন-কাতৰ, কম্পন-কাতৰ।
নিয়ম ভঙাৰ নিয়ম ই যে
নিয়মাকাংক্ষী বাটৰ
কোমল আঘাত প্ৰতিআঘাত
নীলা নিশাৰ নাচৰ।
দূৰৰ আৰ্তনাদৰ নদীত
ক্ৰন্দন কোনো ঘাটৰ
ভ্ৰূক্ষেপ নাই লভিছোঁ মই
আলিঙ্গনৰ সাগৰ-
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।।
Type Susmita Kakati
Post Id: DABP003014