নৱ নৱ ব'হাগ আহে


নৱ নৱ ব'হাগ আহে 
সৰু ফুলে মিচিকি হাঁহে
মানে তোমাক ধিয়ায়।

           নৱ নৱ মোৰ ৰচনাকে
           শুনোতাই গুণগুণায়
            মানে তোমাক ধিয়ায়।
স্বক্ন ৰচনাত
মেদিনীৰ হিঁহি বঢ়ালোঁ
তুমিয়েই মোৰ আপোনৰ বৰ
সৰগৰ সুৰ সজালোঁ

            নৱ নৱ মিলন নিশাৰ
            সৰু তৰা জকেমকায়
            মনে তোমাক ধিয়ায়।
ইয়ে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ল'লোঁ
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
অ' লেখি লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে।
মনে তোমাক ধিয়ায়।
         মূমূৰ্ষ ৰিক্ত গানে
          কত নীৰৱে ভবায়
    সেই দিন যে পাৰ হৈ যায় 
                 যি সময় নাহে দুনাই 
                 দেখে মিলন-বাসনা
     অপৰূপা ৰূপ পিয়াসে
     মানে তোমাক ধিয়ায়।


Type - Susmita Kakati

Post Id: DABP002638