এটুকুৰা আলসুৱা মেঘ
এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰো বনহংসই বাট হেৰুবায়।ষ বিন্দুত অঁকা এখনি মূখে
এমুঠি অনুৰাগ দিছে ছটিয়াই।
মই আছোঁ সাৰদীৰ খিৰিকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।
বিজুলীচাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশে
মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধা,
সোঁৱৰণী শ্ৰাৱণতে আৱদ্ধ।
নিয়ন চাকিয়ে আজি চকু টিপিয়াই
শৰত-সন্ধ্যা মহানগৰী সজায়।
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।।
Type-Susmita Kakati
Post Id: DABP002920