বিস্তীৰ্ণ পাৰৰে


বিস্তীৰ্ণ পাৰৰে

অসংখ্য জনৰে 

হাহাকাৰ শুনিও

নিশব্দে নীৰৱে 

বুঢ়া লুইত তুমি 

বুঢ়া লুইত ৱোৱাঁ কিয়?

বিস্তীৰ্ণ পাৰৰে................


নৈতিকতাৰ স্খলন দেখিও

মানৱতাৰ পতন দেখিও

নিৰ্ল্লজ অলসভাৱে বোৱাঁ কিয়?


জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ 

নেতৃত্ববিহীনতাত নিমাত কিয়?

সহস্ৰ বাৰিষাৰ

উন্মাদনাৰ

অভিজ্ঞতাৰে 

পংগু মানৱক

সবল সংগ্ৰগামী

আৰু অগ্ৰগামী

কৰি নোতোলাঁ কিয়?


ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয়?

তুমি যদি ব্ৰহ্মৰে পুত্ৰ

সেই পিতৃত্ব তেনে নাম মাত্ৰ

নহ'লে প্ৰেৰণা নিদিয়া কিয়?

উন্মত্ত ধৰাৰে

কুৰুক্ষেত্ৰৰেট

শৰশয্যাক

আলিংগন কৰা

ভীষ্মৰূপী

অজস্ৰ বীৰক

জগাই নোতোলাঁ কি?

বিস্তীৰ্ণ পাৰৰে ..................


সংগ্ৰাহক: dailyassam.com



Post Id: DABP002609