ঋতুৰ কত ৰং

 

ঋতুৰ কত ৰং

 পুৱাৰ এটি ক্ষণ 

তোমাৰ উকা মন

 যদিহে নাপালা

 উকা দুনয়ন

 কিহেৰে বুলালা

 

বন কুসুমৰ প্ৰতিটো পাপৰি 

কেঁচা উলাহেৰে মিঠা সুবাসৰ 

যদিহে নাপালা মনৰে আকাশ 

কিহিৰে কিহেৰে সজালা 

লিহিৰি বনৰ জিৰি জিৰি সুৰ 

যদিহে নুশুনিলা

 

নিবিড় মনেৰে জোনাক ৰাতিৰ 

ৰিণিকি ৰিণিকি বাঁহীৰে সুৰ 

যদি শুনা নাই গোপন বনৰ 

কিহেৰে কিহেৰে বুজালা 

কিন্‌কিন্ বৰষুণ বাৰিষা ৰুণজুন্ 

যদিহে নুবুজিলা।

 

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : ভবেন বৰঠাকুৰ)




Post Id:DABP002399