জোনধনে জোনালীতে তৰাৱতীক চাই


জোনধনে জোনালীতে তৰাৱতীক চাই 
   হাতীপটি চিকিমিকি নাচি নাচি যায় 
জোনে কয় তৰাৱতীক মোৰ ফালে চা 
ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা 
চকুত লাগিল মোহনী তাইৰ, চকুত লাগিল মোহনী
টিপি টিপি চাৱনি তাইৰ, টিপি টিপি চাৱনি 
জোনধনৰ বুকুৰ কাষত ল'লে আহি ঠাই
হাতীপটি চিকিমিকি নাচি নাচি যায়

তামুলী তৰাটি দেখি জোনে ল'লে বুকুত
থুৰীয়া তামোলৰে ৰং লাগিল মুখত 
পোহৰৰে সেলেঙি অ' তৰা পোহৰৰে সেলেঙি
লাগি তৰা ভেলেঙি অ' তৰা লাগি তৰা ভেলেঙি
নিজম ৰাতি অকলশৰে জোনক দেখা পাই
হাতীপটি চিকিমিকি নাচি নাচি যায়

আকাশৰে নীল নীলাত জোনাকৰে খেল
তলত ৰূপৰ ফিৰিঙতি জোনাকৰে মেল
ছুঁয়াময়া যাদু জোনৰ ছুঁয়াময়া যাদু 
দেহ জুৰোৱা সাধু জোনৰ দেহ জুৰোৱা সাধু
শুনি জিৰণীয়া পখী গীত এটি গাই
হাতীপটি চিকিমিকি নাচি নাচি যায়।

(কথা-মুক্তি বৰদলৈ, সুৰ-ৰুদ্ৰ বৰুৱা)



Post Id:DABP002383