মোৰ বোপাই লাহৰি
মোৰ বোপাই লাহৰী
নেপাইছোঁ আহৰি
বৰা জুৰিছোঁ আহু এ
সেই বৰা বানি
পিঠাগুড়ি সানি
বোপাইলৈ লৈয়ে যাওঁ লাড়ু এ
লাই হালে জালে আগলি বতাহে
লফা হালে জালে পাতে
আমাৰে মইনা হালিছে জালিছে
কালি দুপৰৰে ভাতে হে
টোপনি এ তোৰ কলৰ তলত ঘৰ
সকলো ৰজাৰে টোপনি আহি
আমাৰে মইনাৰ চকুতে ধৰ
বাপুকণ ধুনীয়া পাটৰে চুৰিয়া
....................................
মূৰত হেঙুলীয়া ছাতি
বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে
কোন বিষয়াৰে নাতি
নাতিৰে নাতি জপনাৰে কাঠি
লৰালে মাথুন্দী হাতী
আমাৰ বাপু শুইছে গধূলি বেলিকা
নাহিবি কাণখোৱা ৰাতি ।
(পৰস্পৰাগত, সংগ্ৰহ : লীলা গগৈ, সুৰ : ভবেন বৰঠাকুৰ)
Post Id:DABP002407