চৰাই নিদিওঁ তোক গোট কৰাই

 

চৰাই নিদিওঁ তোক গোট কৰাই 

নেলাগে আহিব যাঃ দিম হুৰাই 

তই গীত গাৱ কিয় বুকু ফুটুৱাই 

সেই গীত শুনি মোৰ হিয়া নুজুৰাই 

চৰাই নিদিওঁ...

 বুকুৰ কথাটি তই

 নকবি কাকো ঐ

 সাজি সাজি কথা ক’বি

 তাতে মনোমোহা ৰং সানি

 আজিৰে সময়ে কয়

 দহোজনে আদৰিব

 তোৰ গীত শুনি ৰ’ব

 পাবি গোট কৰাই

 চৰাই মই নাইকোৱা

 একোকে বঢ়াই

 চৰাই নিদিওঁ...

 সৰু সৰু বালিমাহী

 দেও দি নাচিব

 সুৰৰে মায়াজালে আৱৰি ধৰিব 

আকাশৰ ঢৌবোৰে তোৰে গীত গাব 

বিজুলীয়ে নামি আহি তোকে আদৰিব 

তোকে ক'লোঁ মই 

নতুন দিনৰ নতুন কথা বুজাই বঢ়াই 

চৰাই নিদিওঁ তোক গোট কৰাই...

 

(কথা-সুৰ : ভবেন বৰঠাকুৰৰ)



Post Id:DABP002354