আগলি কলাপাত লৰে কি চৰে


 আগলি কলাপাত লৰে কি চৰে 
বাওঁ এই চকুটো মোৰ ঘনে ঘনে লৰে 
দুৰণিত থকা মোৰ বুকুৰে চেনাই সোণ
ছেগ চাই এবাৰ যেন ঘৰলৈ আহে

কাউৰী যা, তই উৰি উৰি যা 
চোতালতে দিলোঁ চাউল, এভাগি খা
উগুলে-থুগুলে বুজাওঁ কিনোদৰে
কেনেকৈ তোমালৈ মনত পৰে

তাঁতত ফুল বাছিছোঁ লাগিছে কেণা
ঘৰৰ বনে-বৰীত নুগুচে জেঙা 
কেউকাষে দেখোঁ এখনি মুখকে
 মনকে আমনি কৰে বাৰে বাৰে

(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)





Post Id:DABP002382