চম্পা জাগা ফুলনি শুৱায়


                                                      

চম্পা জাগা ফুলনি শুৱায়

 ফাগুন বনত পলাশে অগনি জ্বলায়


 সন্ধিয়াৰ বগলী ডেউকা কঁপায়

গভৰুৰ ফুল গোজা খোপা সোলোকায়

পছোৱাই দিলে আনি মধু শিহৰণ

পলাশৰ ৰঙা হাঁহি দিগন্ত বোলায়


গুণ গুণ মধুকৰে গায়

কুলি-কেতেকীৰ সুৰে বননি কঁপায় 

ফাগুন আহিল আজি জীৱন জগায় 

এনে সময়ত চম্পা তুমি কিয় নাই

গৰবিনী পলাশক দিয়া পৰিচয় 

মধু সুবাসেৰে প্ৰেম ঢালা ধৰাময়

 (কথা-ফণী তালুকদাৰ, সুৰ-জিতেন দেৱ)





Post Id:DABP002381