বেলুন উৰা আকশতে


বেলুন উৰা আকাশতে 

আমাৰ মৰম উৰে 

ৰামধেনুৰ সাতোৰঙে

ৰঙতে আদৰে



ৰঙা ৰঙে উলাহতে

কথা এটি ক’লে 

ভণ্টি তোমাৰ মৰমখিনি

মিঠা মিঠা লাগে



 তৰা যেন সোণোৱালী

ৰঙে মাত লগালে 

ভাইটি তোমাৰ হাঁহিটিও 

তৰা ফুল ফুলে



অ' ভাইটি অ’ ভণ্টি 

সোণটি আহি ক’লে 

বেলুন উৰি পালে 

সউ দেশ সূৰুযৰে

(কথা-ৰত্ন ওজা, সুৰ-জিতেন দেৱ)




Post Id:DABP002390