অ' ফুল অ' ফুল নুফুল কিয়

 

অ' ফুল অ' ফুল নুফুল কিয় 

ব’গলী এ সবাহলৈ ন’গলি কিয়

 মা

 গছবোৰে বাৰু দিন-ৰাতি ধৰি

 কিয় হৈ থাকে থিয়

 নবহে-নোশোৱে একোকে নকৰে

 কথাকো নাপাতে কিয়

 ফুলবোৰে খালি মূৰ দুপিয়ায়

 ঠেহ যে লাগিছে ঠিক বুজা যায়

 সিহঁতৰ মাকে

 ঠেহনো নাভাঙেহি কিয়

 নবহে-নোশোরে একোকে নকৰে

 কথাকো নেপাতে কিয়

পেহী ঔ পেহা

 আমলখি কেঁহা

 টেকেলিপেটা গোবিন্দই

 জাল বাওঁগৈ আহা

 আহা আহা আহা

 বননিতে বহা

 অ' খেলোঁ আমি আহা

 কি

 অলং দলং পৰিছে

 ৰজা-ৰাণী আহিছে 

কপৌ কু কু কু কুঁ 

অ' ফুল অ' ফুল নুফুল কিয়...।

 

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : মুকুল বৰুৱা)




Post Id:DABP002357