আহিলে পূজাৰে বেলা


আহিলে পূজাৰে বেলা
আহিলে পূজাৰে বেলা
মিনি তই কৰিছ কি
সাজি-কাচি মেলালে ওলা


কঁহুৱা ফুল উঠে ফুলি 
কুঁৱলীতে হালি-জালি 
ৰিহিনাৰিণ মাদল বাজে 
মন যায় উৰি উৰি 
খোপাতে ল ফুল গুজি 
হাততে ল চুৰি পিন্ধি
হালধীয়া শাড়ীৰ পাৰি কৰে চিকিমিকি 
হায়! তোৰ আজি ৰূপত কোনে মোহ যায়


মিনি তই চকুত কাজল নিদিলি
কপালত ফোঁট কিয় নল’লি
মিনি তই ক, মিনি তই ক কিয় পাহৰিলি
মনতে তোৰ কিহৰনো খেলিমেলি
মিচিকিয়াই হাঁহিছে যেতিয়া
কি কথা ক'ব লাগিব একা
নেৰোঁ আজি একা
কাৰেনো লগত আছে কথা
অ' কি কথা, গোপনে গোপনে ৰখা
অ' মই বুজিলোঁ এতিয়া
মিচিকাই হাঁহিছ যেতিয়া
যা বাবু খোজে যেতিয়া
মেলাতে ঘূৰি ঘূৰি হাঁহি হাঁহি
কটাবি বেলা।

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : ভবেন বৰঠাকুৰ)





Post Id:DABP002351