কণমান বৰশীৰে চিপ 


 কণমান বৰশীৰে চিপ  

 তাৰে আগত ৰঙা জিঞা 

 ৰাজকন্যা নাচে দীপলিপ্অ

' জিঞা, অ' জিঞা

বাৰে বাৰে উৰি উৰি

পানীলৈকে যাৱ জিজ্ঞা অ' জিঞা

 বাৰে বাৰে জুমি জুমি

পানীত কিনো চাৱ জিঞা

অ' জিঞা অ' জিঞা

সিয়ে জানোঁ কৰে তোকে মায়া জিজ্ঞা

সিটো দেখোন পানীত তোৰেই ছায়া

সিটো দেখোন পানীত পৰা

তোৰেই নিজৰ ছায়া

তাকে নেকি ভুলাবলে

টিক্‌টিকিয়া ৰঙা আঁচল

ফিট্‌ফিটিয়া সৰু বুকুত খুৱালি গিলিপ

কাকে আজি সাজি-কাচি

ভুলাই অনাৰ মন জিঞা

কাৰ বাবে তোৰ বৈ পৰা সেই

ৰঙা আঁচলখন জিজ্ঞা

দুয়ো চকুত ল’লি কাজল সানি জিঞা

কাৰ বাবে তই দুয়ো চকুত ল’লি কাজল সানি

 সেওঁতা তলত ল'লি নেকি

অ' জিঞা তই লেখি লেখি

জিলমিলীয়া সোণপৰুৱাৰ সোণোৱালী টিপ।


                                                                          (কথা-জয়ন্ত বৰুৱা, সুৰ-বীৰেন্দ্ৰনাথ দত্ত)



Post Id:DABP002395