কালৰ বুকুত নুমাল যদি জীৱনৰ চাকি

 

কালৰ বুকুত নুমাল যদি জীৱনৰ চাকি

নাকান্দিবা আই অ' মোৰ চকুপানী টুকি 

চকুতো ঐ কিনো জেউতি 

বাহুতে ঐ কি শকতি 

ৰাখিছিলি ঢাকি লাচিত 

দেশৰ হকে মোমাইক কাটি 

শৰাইঘাটে যুগে যুগে 

হাজাৰ প্ৰাণক পোহৰাব

 হেংদাঙত কিনো যাদু

 ৰাখিলি তই যি খিয়াতি

 গাব তাৰে গীতি

 আই ঐ...

 অ' পথৰ বস্তি হৈ ৰ'ব

হাজাৰ প্ৰাণক পোহৰাব 

জিলিকাব হাঁহি আনি।

 

(কথাছবি : লাচিত বৰফুকন,

 কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ ঃ ভবেন বৰঠাকুৰ)



Post Id:DABP002403