Chapter-2
স্বাধীনতা
১। স্বাধীনতা মানে কি বুজা ? ব্যক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্ক আছেনে?
উত্তৰ ব্যক্তিৰ কাৰ্যত কোনো ধৰণৰ বাহ্যিক নিয়ন্ত্ৰণ বা বাধা নাথাকিলে স্বাধীনতা বৰ্তি থকা বুলি ক'ব পাৰি। এজন ব্যক্তিক স্বাধীন বুলি ক'ব পাৰি যদিহে তেওঁ কোনোধৰণৰ বাহ্যিক নিয়ন্ত্রণ বা বাধ্যবাধকতাৰ অধীন নহয়। তদুপৰি তেওঁ স্বতন্ত্রভাৱে কোনো সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য কৰিব পৰা হ'ব লাগিব। কিন্তু বাধা-নিষেধৰ অনুপস্থিতি বা নিয়ন্ত্ৰণহীনতা স্বাধীনতাৰ এটা মাত্ৰ দিশ। জনসাধাৰণে নিজৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰি নিজকে মুক্তভাৱে প্ৰকাশ কৰিব পৰা সামৰ্থ্য অৰ্জন কৰা অৱস্থাকো স্বাধীনতা বুলি অভিহিত কৰিব পাৰি।
২. স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি কি?
উত্তৰঃ সকাৰাত্মক আৰু নকাৰাত্মক স্বাধীনতাৰ মাজত পাৰ্থক্য়বোৰ হ'লঃ
(১) নকাৰাত্মক স্বাধীনতাই সীমাহীন স্বাধীনতাক সমৰ্থন কৰে। আনহাতে সকাৰাত্মক স্বাধীনতাই নিয়ন্ত্ৰিত স্বাধীনতাক সমৰ্থন কৰে।
(২) নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক অপ্ৰয়োজন বুলি গণ্য় কৰে। আনহাতে সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক প্ৰয়োজনীয় অনুষ্ঠান বুলি বিবেচনা কৰে।
(৩) নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সমৰ্থন কৰে। আনহাতে, সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু সম্প্ৰসাৰণ নীতি সমৰ্থন কৰে।
৩. সামাজিক বাধা-নিষেধ মানে কি? স্বাধীনতা উপভোগৰ বাবে বাধা-নিষেধৰ প্রয়োজনীয়তা আছেনে?
উত্তৰঃ সামাজিক বাধাই সমাজৰ বিভিন্ন প্ৰকাৰৰ লোকৰ সৈতে সম্পৰ্কিত পাৰ্থক্য আৰু অসমতাক বুজায়। অনুগ্ৰহ কৰি ব্ৰেইনলিষ্ট হিচাপে চিহ্নিত কৰক যে মানুহৰ লিংগ, জাতি, জাতি, ধৰ্ম বা আৰ্থসামাজিক স্থিতিৰ বাবে বাধা ঘটিব পাৰে।
৪. নাগৰিকৰ স্বাধীনতা ৰক্ষণাবেক্ষণত ৰাষ্ট্ৰৰ ভূমিকা কি?
উত্তৰঃ
৫. মত প্ৰকাশৰ স্বাধীনতা কি? তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি? উদাহৰণ দিয়া।
উত্তৰঃ ব্য়ক্তি স্বাধীনতাৰ ন্য়ূনতম অলংঘনীয় পৰিসৰৰ অন্তৰ্ভুক্ত এটা বিষয় হ'ল মত প্ৰকাশৰ স্বাধীনতা।
Question Type By- Maiur Rani Kashyap
Author By- Bikash Bora
Post Id:DABP002359