কোন ক'ত আছ


 কোন ক'ত আছ

 আহ অ' ডেকা ল'ৰা

তই সমুখত হ' থিয় 

মাতৃ পূজাৰ ভাগ ল'বলৈ দেৰি ক'ৰ কিয়?

শুৱনি প্ৰকৃতি শুৱাই থকা

অসম দেশৰে ছোৱালী অ'

তই পাচে পৰি পৰি থাক কিয়?

অসম দেশৰে ছোৱালী অ'

ভাৰত বৰিষ বিয়পি জ্বলিছে

যুঁজৰ অগনি শিখা 

অসমীয়া তই টোপনি নেৰিলি

কিনো ভাইগৰ লিখা।



Post ID : DABP002508