লুইতৰ আকাশত তৰাৰ তৰাৱলী 


লুইতৰ আকাশত তৰাৰ তৰাৱলী 

পাৰত দীপাৱলী তেজেৰে মোৰ

আই নাকান্দিবি,

থাপনাত তেজেৰে বন্তি দিলেদি

ল'ৰা ছোৱালীয়ে তোৰ।

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

আই অ' নুমুৱা নাই,

নতুন তেজেৰে শনিতা জ্বলিছে

উজলিছে ভমকাই।

চকুলো বোৱাই জুই নুনুমাবি

গুচকে আন্ধাৰে ঘোৰ

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ।



Type by Dipawali Bora 




Post Id:DABP002545