লুইতৰে পানী যাবি অ' বৈ


 লুইতৰে পানী যাবি অ' বৈ।।

 লুইতৰে পানী যাবি অ' বৈ।।

 সন্ধিয়া লুইতৰ পানী সোণোৱালী

চহৰে-নগৰে যাবি অ' বৈ

জয়াৰে কীৰিতি দেশ-বিদেশে

সাগৰে-নগৰে ফুৰিবি কৈ।

 লুইতৰে পানী যাবি অ' বৈ।।

মাটিৰে দেহাটি এৰি জয়মতী

জ্যোতিৰে দেহাটি লৈ

যাউতিযুগীয়া কীৰিতি ৰাখিলা

চানেকি জগতলৈ।।

 লুইতৰে পানী যাবি অ' বৈ।।

এটুপি দুটুপি তেজে তিনি টুপী

দেশৰ হকে জয়াই গ'লে বিলাই

অসমৰ জীয়ৰী অসমৰ বোৱাৰী

এটুপি চকুলো যোৱা পেলাই।

 লুইতৰে পানী যাবি অ' বৈ।।

 লুইতৰে পানী যাবি অ' বৈ।।

 সন্ধিয়া লুইতৰ পানী সোণোৱালী

চহৰে-নগৰে যাবি অ' বৈ

জয়াৰে কীৰিতি দেশ-বিদেশে

সাগৰে-নগৰে ফুৰিবি কৈ।

 লুইতৰে পানী যাবি অ' বৈ।।

Type by Dipawali Bora 


Post Id:DABP002546