মোৰ আজি সন্ধিয়াৰ 


মোৰ আজি সন্ধিয়াৰ         

গানৰ কথা

প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা,

গোপনৰ বাণী一 

মৰমেৰে সানি

গানতে মিলাই গালে

উলিয়াব জানো তোৰ

চকুৰ পানী ?

আকুল ই কন্ঠৰ গানে 

ক'ব জানো তোৰ কাণে কাণে 

মোৰ হিয়া নিজানৰ        

নুফুটা ব্যাথ্যা ?

মোৰ আজি সন্ধিয়াৰ 

গানৰ কথা一

প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা।    


Type by Dipawali Bora



Post Id:DABP002536