মোৰে ভাৰতৰে


মোৰে ভাৰতৰে

মোৰে সপোনৰে

চিৰ সুন্দৰ সংস্কৃতি।

সেউজীয়া বনতে

সেউজীয়া মনতে

বিকশি প্ৰকাশি উঠা

নৱ-জন-জীৱনৰে অভিনৱ জ্যোতি।

আজি শিল্পী মনৰ প্ৰণতি

আজি শিল্পী প্ৰাণৰ ভকতি

জয় অজেয় আলোকময় বিশ্বৰূপী

অনন্তবিজয়ী

জনগণমন মুকুতি

প্ৰণতি প্ৰণতি।।


Type by Dipawali Bora



Post Id:DABP002543