পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি


পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি

ৰেণুৰে বোলালি তই কুমলীয়া হাত।

অ' ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাঁথি

লেখি লেখি সেউজীয়া পাত।

বনে মইনা সেউজীয়া

গছে মইনা সেউজীয়া,

পাতে মইনা সেউজীয়া পাত

মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি

মাতিছে মিঠা মিঠা মাত।

আমনে জিমনেকৈ

থাকনো তই কিয় ঐ

গালতেনো দিয় কিয় হাত

হাঁহ অ' মোৰ মইনা

হাঁহ অ' হাঁহ।

ভালেনো পাওঁ চাবলৈ

ৰঙা ওঁঠৰ হাঁহিৰ স'তে

জিকিমিকি দুয়োপাৰি দাঁত।


Type by Dipawali Bora       



Post Id:DABP002531