সোণৰ সপোন মোৰ
ভাঙিলি কিয়
অ' মোৰ সোণৰে সপোন
চম্পাৰে আঙুলি বুলালি কিয়।।
আঁখি মোৰ সপোন বিভোৰ
ঊষাৰ হাঁহি
নিশাৰ সপোন মোৰ
আঁতৰালি কিয় ?
অৰুণৰ কৰুণ হাঁহিটি অ'
সোণৰে অ' সোণৰে
হাঁহিটি অ' হাঁহিটি অ'
পুৱতি নিয়ৰৰে
নিশা সৰা শেৱালিৰ
সুৰভি বোৱালি কিয়।।
Type by Dipawali Bora
Post Id:DABP002570