আমি কৰি ফুৰোঁ বিয়াকুল  


আমি কৰি ফুৰোঁ বিয়াকুল

(থাকে) নিজৰা য’ত কুল কুল

ফুলৰ পাহিত নিয়ৰ দুল

সখিয়তীৰ মাতে য’ত বিয়পিছে

ইকুল সিকুল ।

 

মোৰ যে ফুলৰ কাঁড়

মোৰ হাততে মধুৰ ভাৰ

আমাৰ কাষতে চোৱা

প্ৰেমিক-প্ৰেমিকা বিয়াকুল।।

আমি কৰি ফুৰোঁ বিয়াকুল।।


মোৰ হাততে ফুলৰ ৰেণু

মোৰ হাততে কাণুৰ বেণু

লগৰ লগৰী আমাৰ মতলীয়া

মধু পি আকুল ।।

আমি কৰি ফুৰোঁ বিয়াকুল।।



Post ID : DABP002506