জোনাকী কাৰেঙত কোনে বীণ বায় ?


জোনাকী কাৰেঙত কোনে বীণ বায় ?

জোনাকী কাৰেঙত কোনে বীণ বায় ?

পোহৰে পোহৰে হাঁহি বিলায় !

আমাৰ নিমাতীৰ কোনে মাত ফুটাব

ওঁঠতে হাঁহি দিব ফুলাই।

আমাৰ নিমাতীজনী

নীলা সাগৰৰ হীৰা মণি

অৰুণৰ হাঁহিৰে মুখনি বোলোৱা

আলাসৰ প্ৰতিমাখনি।

হাঁহো হাঁহোকৈ

চকু দুপাহিয়ে

হঁহা নাই অতদিলে

মাতো মাতোকৈ

ওঁঠ দুখনিয়ে 

অমাতৰে মন জিনে।

ধিয়ানে-গিয়ানে সচিতে সপোনে

কাকনো বিচাৰে কাকনো চায়?

বীণখনি বায়

কোনেনো দিবহি হাঁহি ফুলাই ?

নিমাতী কইনাৰ মাত ফুটা নাই

অ মাত ফুটা নাই

জোনাকী কাৰেঙত কোনে বীণ বায় ?


Type by Dipawali Bora 



Post Id:DABP002525