জানো জানো জানো 


জানো জানো জানো              

বিফলে নাযায় মোৰো গানো।

মোৰ যত অশ্ৰুজন                

তীৰ্থজলেৰে মিলি

উজলিব পৃথিৱীৰ

কোষায় কোষায়

জানো জানো জানো।

মোৰ যত অভিনৱ গান        

বিকশিত কমলৰ গন্ধ সমান

 জানো জানো                        

জগাব সি বিশ্বৰ প্ৰাণো।       

অকলশৰীয়া সেই পুৱতিৰ তৰা

আপোনাৰ গানতেই আপুনি বিভোৰা

ঊষাৰ কোলাতে মাৰ যায়      

পোহৰত হাঁহিটি মিলাই      

জানো জানো জানো           

বিফলে নাযায় তাৰো গানো।

জাগা অভিনৱ ছন্দে         

মৌন মুগ্ধ যত শব্দ কমল দল

কন্ঠে কন্ঠে অৰ্ব্বুদ বৃন্দে   

জাগা অমৃত সুৰবাণী পৰমানন্দে। 


Type by Dipawali Bora 



Post Id:DABP002517