জননী পূজাৰ মন্দিৰ শুদা
জননী-পূজাৰ মন্দিৰ শুদা
নজ্বলোৱা কিয় বন্তি?
আপোল পাহৰি হ'লা তন্দ্ৰা অলস
অ' মোৰ দেশৰে পূজাৰী।
বজা নাই কিয় পূজাৰ শংখ
শংখ নিলেনো কোনে ?
গোৱা নাই কিয় আৰতিৰ গীতি
কন্ঠ ৰুধিলে কোনে ?
শতাব্দী ধৰি মহাশংখ বাজিলে
বুকুৰ শোণিতেৰে জ্বালিলে দীপালী
কন্ঠে প্ৰচাৰিলে আৰতিৰ বাণী,
নোহোৱানে গৌৰৱৰ তুমি অধিকাৰী ?
পূজৰী ! তুমি কিয় হ'বা অভিমানী।
Type by Dipawali Bora
Post ID : DABP002513